পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
ভগৱান বুদ্ধ
 


পাৰুষ্যমনৃতং চৈৱ পৈশুন্যং চাপি সৰ্ব্বশঃ
অসংবদ্ধপ্ৰলাপশ্চ ৱাঙ্‌ময়ং স্যাচ্চতুৰ্ৱিধম্‌।

 অৰ্থাৎ, ‘কঠোৰ ভাষণ, অসত্য ভাষণ, সকলো প্ৰকাৰ কটুকথা আৰু বৃথা প্ৰলাপ—এই চাৰি বাচসিক পাপকৰ্ম্ম।’

অদত্তানামুপাদানং হিংসা চৈৱাৱিধানতঃ।
পৰদাৰোপসেৱা চ শাৰীৰং ত্ৰিৱিধং স্মৃতম্॥

 অৰ্থাৎ, ‘অদত্তাদান( চুৰি ), বেদৰ অবিহিত হিংসা আৰু পৰদাৰগমন—এ তিনিটা কায়িক পাপকৰ্ম্ম।’

ত্ৰিৱিধং চ শৰীৰেণ ৱাচা চৈৱ চতুৰ্ৱিধম্‌।
মনসা ত্ৰিবিধং কৰ্ম্ম দশ কৰ্মপথাঁস্ত্যজেৎ॥

 অৰ্থাৎ ‘(এইদৰে) ত্ৰিবিধ কায়িক, চতুৰ্ব্বিধ বাচসিক আৰু ত্ৰিবিধ মানসিক, এই দহোটা (অকুশল) কৰ্ম্মপথ ত্যাগ কৰা উচিত।’[৯]

 ইয়াৰে প্ৰথম শ্লোকৰ ‘কৰ্ম্মযোগ’ শব্দ অতি সঙ্গত হৈছে। ‘মনুস্মৃতি’ৰ ৰচকে বুদ্ধই কৈ যোৱা কৰ্ম্মযোগ সমৰ্থন কৰিছিল, কিন্তু তেওঁ তাৰে এটা ব্যতিক্ৰম ৰাখি থৈ গৈছে। সেয়ে হল যে বেদ-বিহিত নহলে হিংসা কৰিব নালাগে, বেদৰ আধাৰত কৰা হিংসা হিংসা নহয়।

 যুদ্ধ ধাৰ্মিক হোৱাত অকুশল কৰ্ম্মপথো সঙ্গত হৈ গল—যাগ-যজ্ঞৰ হিংসা যদি ত্যজ্য বুলি মানি লোৱা হয় তেন্তে যাগ-যজ্ঞ অনুষ্ঠান কৰাৰ কোনো কাৰণেই নাথাকে। এই যাগ-যজ্ঞ কৰা হৈছিল কিয়? এই বাবেই যাতে যুদ্ধত জয়লাভ কৰা যায় আৰু জয় কৰি পোৱা ৰাজ্য যাতে চিৰস্থাযী হয়। অৰ্থাৎ যুদ্ধৰ হিংসা ধৰ্ম্মমূলক বুলি মানি নললে বৈদিক হিংসাৰ কোনো কাৰণ নোহোৱা হৈ পাৰে, আৰু সেই বাবে যুদ্ধ পবিত্ৰ বুলি ধৰি লব লগীয়া হয়।


(৯)^ অধ্যায় ১২, শ্লোক ৫-৯।