পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
ভগৱান বুদ্ধ
 

লগত সম্বন্ধ, অথচ তাৰে লগত সম্বন্ধ পুত্ৰ- দাৰাদিৰ প্ৰতি আসক্ত হৈ আছোঁ, এইটো উচিত নহয়। গতিকে এই জন্ম, জৰা আদিৰ পৰা হোৱা হানিলৈ লক্ষ্য কৰি অজান, অজৰা, অব্যাধি, অমগ আৰু অশোক—এই পৰম শ্ৰেষ্ঠ নিৰ্ব্বাণ-পদ মই লাভ কৰাটোৱে উচিত হব।

 এনেদৰে বোধিসত্ত্বৰ প্ৰব্ৰজ্যাৰ বাবে সাধাৰণতে তিনিটা কাৰণ দিয়া হয়—(১) নিজৰ ভিতৰত যুজ-বাগৰ কৰিবলৈ পৰস্পৰে অস্ত্ৰ ধাৰণ কৰা দেখি তেওঁৰ ভয় লাগে, (২) ঘৰ বাধা আৰু আবৰ্জ্জনাৰ ঠাই বুলি তেওঁৰ অনুভৱ হয়, আৰু (৩) নিজে জন্ম, জৰা, মৰণ, ব্যাধি আৰু শোকৰ অধীনত থাকি তেনে প্ৰকাৰৰে বস্তুৰ প্ৰতি আসক্ত হৈ থকাটো উচিত নহয়। এই তিনিওটা কাৰণৰ মাজতে সঙ্গতি বিচাৰি উলিয়াব পৰা যায়।

 বোধিসত্ত্বৰ আপোন লোক শাক্য আৰু কোলিয়হঁতৰ মাজত হাই-কাঁজিয়া লগাৰ সময়ত তেওঁ তাত যোগ দিব নে নিদিয়ে সেই সম্বন্ধে তেওঁৰ মনত অৱশ্যে প্ৰশ্নৰ উদয় হৈছিল। তেওঁ ভালদৰে জানিছিল যে মাৰ-ধৰ কৰি সেই হাই-কাঁজিয়াবোৰৰ অন্ত পেলাব নোৱাৰি। কিন্তু তেওঁ তাত যোগদান নকৰিলে মানুহে তেওঁক ভয়াতুৰ বুলি হাঁহিব আৰু তেওঁ গৃহস্থ-ধৰ্ম্ম পালন নকৰা বুলি বিবেচনা কৰা যাব। গতিকে তেওঁৰ কাৰণে গৃহস্থাশ্ৰম বাধা যেন লাগিল। বৰং তাতকৈ সন্ন্যাসী হৈ নিৰপেক্ষভাৱে হাবিয়ে বনে ঘুৰি ফুৰাটোৱে বা কি বেয়া? কিন্তু নিজৰ পত্নী আৰু পুত্ৰৰ প্ৰতি তেওঁৰ বৰ মৰম থকা হেতুকে তেওঁৰ পক্ষে গৃহত্যাগ কৰাটোও বৰ কঠিন আছিল। গতিকে তেওঁ আৰু অধিক ভাৱনা-চিন্তাত পৰিল। তেওঁ অনুভৱ কৰিলে—'মই নিজেই জাতি- জৰা-ব্যাধি-মৰণধৰ্ম্মী, গতিকে তেনে স্বৰূপৰে পুত্ৰ-দাৰাদিৰ প্ৰতি আসক্ত হৈ বাধা-বিপত্তি আৰু আবৰ্জ্জনাপূৰ্ণ গৃহস্থাশ্ৰমত পৰি থকাটো উচিত নহয়।' সেই কাৰণে তেওঁ পৰিব্ৰাজক হৈ যায়। এই তিনিওটাৰে