পৃষ্ঠা:ভক্তি-ৰত্নাৱলী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভক্তি-ৰত্নাৱলী

কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হোক।
বোলো কৰযোড়ে শুনা সভাসদ লোক॥
অল্পমতি হুয়া বৰ কৰিলো আৰম্ভ।
জানি মহাজনে নকৰিবা উপালন্ত॥৫॥
গৰুড়ৰ উৰাক ষদ্যপি সম নুই।
পখা অনুৰূপে পক্ষী তেৰেকি নুৰই॥
যদি অনুচিত হয় মোৰ ইটো কৰ্ম্ম।
তথাপিতো মহন্ত জনৰ ক্ষমা ধৰ্ম্ম॥৬॥
হেন জানি মোৰ যত দোষ পৰিহৰি।
কৃষ্ণ কথা ৰস পান কৰা কৰ্ণ ভৰি॥
নাহি ধৰ্ম্ম কৃষ্ণকথা শ্ৰৱণত পৰে।
যাক শুনি অতি অন্ত্য জাতিও নিস্তৰে॥৭॥
জানি শুনা আন যত ত্যজিয়া চতুৰী
আছিলন্ত সন্ন্যাসী নামত বিষ্ণুপুৰী॥
পৰম মহন্ত মহাজন মাজে সাৰ।
তেন্তে কৰিলন্ত ভাগৱত সাৰোদ্ধাৰ॥৮॥
ভক্তি-বত্নাৱলী নামে নাই পটন্তৰ।
পৰম অমূল্য ৰত্ন ভকত জনৰ॥
মতি অনুসাৰে পদ নিবন্ধিবো আৰ।
কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ॥৯॥
মহাজন সবৰ সন্মত অনুসৰি।
কৃষ্ণৰ কীৰ্ত্তন ৰূপ মঙ্গল আচৰি॥