পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিয়তি

কোন আহিল সেয়া
ধুমুহা গতিত
সময় নেকি?
কাৰোবাৰ কেঁচা তেজ শুহি
কাৰোবাক পংগু কৰি
কি পালে নিয়তিয়ে
এটুপি তপত চকুলো
পঁজাটিত ঘূণে ধৰিছে
“সজাবলে”
সবল মাৰলি নাই
বিষন্ন প্ৰহৰ
এয়া কি?
তোমাৰ মুখত হাঁহি
বুজিছো
তুমি সময়ৰ দাসী!!

২৬ • বেদনাৰ মিঠা মাদকতা