পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

অতীজ কালৰ কোনো ৰকমৰ লিখিত বুৰঞ্জী লেখাৰ কাৰণে তেওঁলোকে সেই সময়ৰ বেদ, উপনিষদ, দৰ্শন আৰু আন অন শাস্ত্ৰ যি পাইছে তাৰ পৰা এই অনুমান স্থিৰ কৰিছে। তেওঁলোকৰ মত এই যে—বৈদিক যুগেই আৰ্যসকলৰ ঈশ্বৰ-বিশ্বাসৰ প্ৰথম বিকশিব সময়। এই বৈদিক যুগৰ সময়তে উপনিষদ সৃষ্টি হয়। ইয়াৰ পিছত এই উপনিষদ বিলাককে ভিত্তি কৰি হিন্দু দৰ্শনবিলাক বিকাশ হয়। বৈদিক যুগৰ সময়নিৰ্ধাৰণ সম্বন্ধে বহুত মতভেদ আছে যুৰোপীয় পণ্ডিতসকলে এতিয়াৰ পৰা ৪৫০০ বছৰমান আগতেহে বুলি কব খোজে। তেওঁলোকৰমতে উপ- নিষদ প্ৰচাৰৰ কাল ৩১০০-৩২০০ বছৰ মানহে হব। কিন্তু লোকমান্য বাল গঙ্গাধৰ তিলক আৰু অধ্যাপক জেকবিয়ে ঋক্‌-বেদত উল্লিখিত নক্ষত্ৰৰ গতিৰ পৰা ঠিক কৰিছে যে বৈদিক যুগ এতিয়াৰ পৰা ৬৫০০ বছৰৰ কম নহয় আৰু সেইকাৰণে উপনিষদ লিখাৰ বা প্ৰচাৰৰ সময় ৪০০০ বছৰমান আগতে হব বুলি ধৰিব পাৰি।

২৮-২-৪৫

উপনিষদৰ তথ্যবিলাককে আশ্ৰয় কৰি হিন্দু দৰ্শনবিলাক লিখা হয়। তোমালোকে নিশ্চয় ভাৰত