এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হুঁচৰি গীত
(১)
কৃষ্ণাই মূৰতে বকুল ফুল এপাহি
নিয়ঁৰ পাই মুকলি হ’ল ঐ গোবিন্দই ৰাম।
(২)
ৰাধাই বোলে কৃষ্ণাই আমাক পাৰে কৰা
এই যমুনাৰে জল ঐ গোবিন্দই ৰাম।
(৩)
বাঁহপাত ঐ বেচেন্তী ঐ
কটাৰী খিলিঙাই বাজে না ৰৈ।
(8)
পাত ঐ পচলা মাধৈ ফুলৰ মালা
মালিনী ঐ খৰকৈ যতন কৰা।
(৫)
ধনশিৰি বগৰি সোৱণশিৰি নৈ
আঁহযাওঁ লগৰী ওমলো গৈ।
(৬)
দেউতাৰ পদুলি গুন্ধাইছে মধুৰি
কেতেকী মলেমলাই ঐ গোবিন্দই ৰাম।
(৭)
ৰংপুৰ ৰঙামণি পিন্ধাই দিয়া সৰুভনী
হুঁচৰি গাবলৈ যাঁও ঐ গোবিন্দই ৰাম।
(৮)
কায়স্থৰ কূলে কুসুম্বৰ ঘৰে
শংকৰদেউ অৱতাৰ ধৰে ঐ গোবিন্দাই ৰাম।
(৯)
হুঁচৰি বাই ঐ পদুমৰ চকা
শৰাইতে দিয়াহি একুৰি টকা।
(১০)
হুঁচৰি এ হাওঁ মনাই মেধিৰ ঘৰতে গাঁও।
(১১)
শংকৰদেউ আমাৰ নিজা গুৰু দৈৱকী নন্দন দেউ হে।