এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফাটবিহু গীত
(১)
ন-জোনটি ওলালে ন-পানী বাঢ়িলে
সলাই বৰগছে পাত।
গগণা বাজিছে গামখাৰু বাজিছে
বিহু বিহু লাগিছে গাত॥
(২)
গছৰে আগতে ৰূপহী থেকেৰা
ককাই পাৰিদিয়া খাওঁ।
পাঞ্চৈ নাওখনি ঘাটে চপাইদিয়া
ফাটবিহু চাবলৈ যাওঁ॥
(৩)
ভাত ৰান্ধি দিয়া খাৱে ঐ পৰুৱা
পানী আনি দিয়া খাওঁ।
আতোলা সোণেৰে বিৰি গঢ়াই দিয়া
বিহু মাৰিবলৈ যাওঁ॥
(8)
ডিবুৰু ভেটিব নলে ঐ নাচনী
ডিবুৰু ভেটিব নলে।
এতিয়া নাচনী মালিহা মাৰিছ
ছোৱালী আনিব মনে॥
(৫)
ইফালে নাচনী সিফালে নাচনী
তিঁহিতি পেঁপাৰে মাত।
ঢোলৰ চাপৰ শুনি ৰঙাগড়া নাচনী
দেওধনি উঠিলে গাত॥
(৬)
অতি চেনেহৰে মুগাৰে মহুৰা
অতি চেনেহৰে মাকো।
অতি চেনেহৰে ফাটবিহু খনি
নেপাতি কেনেকৈ থাকো॥