এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯৩ ◇
(২৮)
নাচ্ নাচ্ বুলিলে নেনাচ নাচনী
তোকজানো কিহবাই পাই।
গাভৰু বুলায়ে ওফন্দি ফুৰিছ
চিকুটি পাবলৈ নাই॥
(২৯)
ইয়ে বোলে সেন্দুৰী সিয়ে বোলে সেন্দুৰী
সেন্দুৰী কলৈনো যাই।
হাততো জেতুকা ভৰিতো জেতুকা
সেন্দুৰী বিহুলৈ যাই॥
(৩০)
বছৰি বছৰি আমে মলিয়ালে
বছৰি বছৰি খাঁও।
এইবেলি আমেখন কোনে খাই যাব
আমি শদীয়ালৈ যাৱে লীলা
মা-লিলৌ ইলিলৌ ফোঁট
আকৌ লিলা মালিলৌ ইলিলৌ
ধৰি ধৰি নিলে লিলে ইলিলৌ
ডেৰকুৰি ভৰি লিলে ইলিলৌ ফোঁট॥
(৩১)
বিহুৰে বিৰিণা
পাতে সমনীয়া
বিহুৰে বিৰিণা পাত।
বিহু থাকেমানে
বিহুকে বিনাবা
বিহু গলো বিনাবা কাকে ঐ -
মইনা নাইব’ জিলতি অব’
কোনে দিলে নাচনী জিলতি অ’ব’
হাতত গোটাখাৰু জিলতি অ’ব’
বহিলে জুনুকাই বাজে অঐ
নচুৱাই থাকিবৰ মন,
নচুৱাই থাকোতে
পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥