এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৯০ ◇
(৭)
গগণা শুৱনী গগণা পুৰণি
গগণা কিহেৰে বাওঁ।
দুফালে দুচটা মাজত লুৰিকটা
মৃগাসূতা লগায়ে বাওঁ॥
(৮)
খিটিখিটি কৰি তাঁতৈবৈ আছিলো
দোৰপতি শুৱলা মাত।
নাহৰৰ তলতে ঢোলৰ মাত শুনিলো
খাবলৈ নহলে ভাত॥
(৯)
নৈ চেলেঙীয়া গৰা কোমলীয়া
তৰা কোমলীয়া জোপা।
নাচনী চোলা টি মাছে বাকলীয়া
ঘিলা চকলীয়া খোপা॥
(১০)
অঔৰে গছতে মৌৱে নাইকীয়া
ককাই পাৰিদিয়া খাওঁ।
ইকৰা পাতেৰে জাহাজ বনাই দিয়া
আমি শদীয়ালৈ যাওঁ॥
(১১)
ত'তে দেখিলো ইয়াতে চিনিলো
সেই যোৰি নাচনী কোণ।
হাততো জেতুকা ভৰিতো জেতুকা
নেচাই বা থাকিব কোন॥
(১২)
আজি কি উৰুকা কালি কি উৰুকা
চিৰে গৰখীয়াই তৰা।
যোৰফোঁট মাৰি লৈ নাচনী আহিছে
জিলিকে আঁতৰৰ পৰা॥
(১৩)
নাচনী মুৰটো বিৰিঙা জোপাটো
এদোণ সৰিয়হৰ তেল।
এচিচা তেলেৰে জোঁটকে নেভাগে
ডেকালৰাৰ নেভাগে মেল॥