এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮৮ ◇
ডিঙিতে মণি দেখিবলৈ লণি
নচুৱাই থাকিবৰ
নচুৱাই থাকিবৰ মন
নচুৱাই থাকোতে
পলুৱাই নিনিবা
ভৰিব লাগিব ধন॥
(৪১)
অয়েচৈ নাচনী বালিয়ে বালিয়ে
অয়েচৈ নাচনী উজাই গৈ আছিলো
অয়েচৈ নাচনী অয়েচৈ নাচনী
বালিৰে বগৰি খাই।
অয়েচৈ নাচনী বালিৰে পৰা
অয়েচৈ নাচনী উলটি আহিলো
অয়েচৈ নাচনী অয়েচৈ নাচনী
ৰাতিবিহু বাতৰি পাই॥
(৪২)
বিহুগাই আহিলো
কলীয়া মেখেলা
পাহৰি শৰাইতে থলো আইটী পানীমলা
ৰৈ ৰৈ ধেমালি
কৰা আইটী চেনি মলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা।
ইবাৰৰ দোষকে
ক্ষেমিবা সবেও
দুনাই ভালেকৰি গামে আইটী পানীমলা
ৰৈ ৰৈ ধেমালি
কৰা আইটী চেনিমলা
ৰৈ ৰৈ ধেমালি
ৰৈ ৰৈ ধেমালি কৰা॥
(৪৩)
নাচনী ৰহিতা
জিপ জিপ্ ঐ কাটে সৰুসূতা
জিপ জিপ্ ঐ জিপ্ জিপ্ ঐ
ধনলৈ ৰূপীয়া চোলা
⸺০০⸺