এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭৪ ◇
পদূলি মূৰতে বনত পখি বিনালে
সুহুৰি শুনিলো বনত পখি বিনালে
টোপনি নাহিলে ৰাতি ঐ—
বনত পখি বিনালে
বিহু বিহু লাগিলে
নাচনী তোলৈ মনত পৰি
মৰো জিউ লাগিলে
মৰো জিউ লাগিলে মন॥
(১৪)
পাহাৰ বগাই বগাই
জানৈ কপৌফুল মই আনি দিম
জানৈ কপৌ ফুল মই আনি দিম
জানৈ নলওঁ বুলি নকবা দেই।
এইবেলি বিহুতে
জানৈ বিহুৱান মই আনি দিম
জানৈ বিহুৱান মই আনি দিম
জানৈ নলওঁ বুলি নকবা দেই॥
(১৫)
নৈ পানী বাঢ়িলে
নাহৰ ফুল ফুলিলে
বিহু বিহু লাগিলে গাত
নাহৰ ফুলৰ গন্ধ পাই
নাচনী তত্ নাই
শালতে এৰিলে তাঁতে ঐ
ৰুণুজুন জুনজুন জুন অ’ আইটী
ফুল ফুল ফুল ফুল ফুল অ’ আইটী
কেৰুমণি সোলুকাই দে অ’ আইটী
লাই লৈ লফালৈ
দালি বনাই খিচিৰি
দালি বনাই খিচিৰি খাওঁ॥
(১৬)
চিলঙৰ শুৱনী |
নই আইটী নইফুল |