এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭০ ◇
(৫)
চেনাইটি ঐ
তোমালৈ আনিছো পোৱালমণি লৈ
খোপাত গুজি মালতী
ওলাই আঁহা নাচনী
হাততে টকাটি বিহু তলি লৈ
ককাল নো ভাঙি ভাঙি
নাচি আহা নাচনী
চেনাইটি ঐ
তোমালৈ আনিছো পোৱামণি লৈ॥
(৬)
তোলৈ চাই ৰঙিলী |
অ নাজিতৰা |
(৭)
মইনা জানৈ চমকত চাবলৈ
মইনা জানৈ নহওঁ মই বিজুলি
মইনা জানৈ নিজান জানৈ
নহওঁ মই বোৱতী নৈ।
মইনা জানৈ চৰাই হোৱা হ'লে
মইনা জানৈ উৰি গলোহেঁতেন
মইনা জানৈ নিজান জানৈ
দুহাতে দুপাখি লৈ॥