এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬৮ ◇
(৪২)
আৰৈ ঐ নহলে পাৰৈ ঘৰ নজলে
তেলে নাই নজ্বলে চাকি।
চেনাইটি নহলে বিচনা নজ্বলে
নোপোৱাই কালিন্দি ৰাতি॥
(8৩)
আমে দুলুদুপু চামে দুলুদুপু
গাঁতৰ দুলুদুপু চেঙা।
চেনাইৰে বুকুতে যৌৱন দুলুদুপু
যেনে সোমথিৰা টেঙা॥
(88)
গাৰে কাপোৰ কানি ফুটুকা ফুটুকি
কলৈনো আছিলি গৈ।
জহনিত যাৱতী খোপাত জুই লাগতি
কেনেকৈ আছিলি ৰৈ॥
(৪৫)
হাতী লুঙেলুঙে লাঙীজাল পাতিলো
পহুচুঙত পাতিলো জাঙ্গী।
কোলাতে বহুৱাই সুধিলো ফুচুলাই
পেটকথা নকলি ভাঙি॥
(৪৬)
পানৰে আনিলো মুজুৰা মুজুৰি
তামোলৰ আনিলো ধেনা।
ধনক বাছিললো সৰুভাই যোৰীয়া
ভাঙিব নোৱাৰো কেণা॥
(8৭)
নকৈ সজালে ৰংঘৰ কাৰেংঘৰ
কলচি বন্ধালে সোণে।
ডা-ডাঙৰীয়া মৈদামৰ টোপনিত
ৰংনো চাবহি কোনে॥
(৪৮)
দলনি ওপৰে কি চৰাই উৰিলে
আটাই ৰঙাৰঙা ঠোঁট।
অকল বগীতৰা সোণে গিলিপ মৰা
কপালত সেন্দূৰ ফোঁট॥