এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪১ ◇
(১৯)
কলৈ গৈ আছিলা পানীৰে বিমলা
হাতত হেঙুলীয়া কাচি।
বাটতে লগ পাই তিনিবাৰ সুধিলো
নেমাতি আহিলা গুচি॥
আমনি ধানকে দাবলৈ গৈছিলো
কিহত বা বৰলে খালে।
ধনৰে আগতে খুলি ক'ব নোৱাৰো
লাজে হেচাঁমাৰি ধৰে॥
(২০)
চিতিকি চিবনে বনে ঐ চেনেঙী
চিতিকি চিবনে বন।
চিতিকি চিবনে দুটি যউবনে
পিটিকি থাকিব মন॥
হাবিতে লাগিলে ওলমি পৰিলে
মামৈ তামোলৰে থোক।
চিতিকি চিবনে লেৰেলা মৰমে
পিটিকি নেপাবি মোক॥
(২১)
আহুধান ৰাখিবৰ বতৰ ঐ কনেঙা
সাজিম এচলীয়া টঙি।
চৰাই ৰাখিবিনে পীৰিতি কৰিবি
কাকে কথা কবি ভাঙি॥
নৈ ঘূৰণীয়া ঘূৰণ ঐ চেনেঙা
পানী ঘূৰণীয়া পাক।
মন উৰণীয়া দেহা জুৰনীয়া
পীৰিতি বিলামে কাক॥
(২২)
কিতাপ পঢ়ি পঢ়ি কান্দ তই চেনেহী
চিঠি পঢ়ি পঢ়ি কান্দ।
নৈ ঘাটত বহি টোক চকুপানী
কালৈ চিন্তাকৰি থাক॥