এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৩১ ◇
(২০)
আয়ে বৈদিয়া ফুটুকি মেখেলা
লওঁ আটি আটি বান্ধি।
বোপাই বিয়াদিলে দুজনী লগালৈ
যাওঁ বাটে বাটে কান্দি॥
(২১)
দকৈ পুখুৰী খনালা পিতাদেউ
মই খাওঁ পিটনিৰ পানী।
জোৰুণত নিদিলা সোণৰ খাটপালেং
মই শুওঁ ডুখৰি পাৰি॥
(২২)
পৰ্বতৰ কিনাৰত মুগা পোহিছিলো
ধেনুজোঁৰ বাটোতা নাই।
ক’ত কৰি কৰি ককাই ঘৰ পাতিলো
মোৰে ঘৰ পাতোতা নাই॥
(২৩)
গাখীৰৰ চুঙাদৈ এৰিলো খাবলৈ
বগীম’হ মৰিবৰ পৰা।
আঁহতগুৰি বিহুলৈ যাবলৈ এৰিলো
মন তৰা নহবৰ পৰা॥
(২৪)
ভাবোতে ভাবোতে ভাবনা বাঢ়িলে
চিন্তোতে জ্বলিলে জুই।
গুনোতে গুনোতে ঘুকুচা হলো মই
টোপনি নধৰে শুই॥
(২৫)
গঙাত মাৰি গলে ঢৌ
প্ৰণয়ৰ ধুমুহাই পীৰিতি ভাঙিলে
যৌৱন উৰণীয়া মৌ॥
(২৬)
ম'হৰ শিং ভাঙিলে যুঁজত
জীৱন ভাঙিগলে প্ৰণয়ৰ ধুমুহাত
দেহাগল মদনৰ কোপত॥