এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১০৫ ◇
(৪৭)
চিলাই পুঠি মাছ নিব সমনীয়া
চিলাই পুঠি মাছ নিব।
একে লগৰ বিহুৱাই নিলে দহটকা
আমাক কুৰি টকা দিব॥
(৪৮)
কাগজৰ টকাকে বেছিহেন দেখিলা
কৰণি নানিলা পাই।
ককালৰ খনীয়া দিওঁ দলিমাৰি
কৰণি আনাগৈ চাই॥
(৪৯)
পান দিয়া পদুমী চূণ দিয়া চেনেহী
তামোল কাটি দিয়া খাওঁ।
ওলাই পদুমী দিয়া অ’ সমিধান
আমি ৰজাঘৰে যাওঁ॥
(৫০)
সুতুলি সুতুলি মাটিৰে সুতুলি
সুতুলি কিহেৰে বাওঁ।
ককালৰ খোচনিত সুতুলি আনিছো
আঙুলি বোলায়ে বাওঁ॥
(৫১)
এটা বাটিত নহৰু এটা বাটিত পুনৰো
এটা বাটিত খুতুৰা শাক।
বছেৰেকৰ বিহুতে আৰ্শীবাদ কৰিছো
গৃহস্থ কুশলে থাক॥
(৫২)
এ মৰমজান |
|