পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উদংমূৰীয়া ঘৰ, পশুধন আৰু ভাৰ্-ভেঁটী

আগলি কলপাত লৰক্-ফৰক্ কৰে
বাঢ়ি অহা উঠন্ উৰস্ দোৰোল্ত নাচে

লোদোৰপোদোৰ পোহনীয়া দুটিৰ দৰ্-দাম্ চলে
লঠঙা ডালত কুঁহিপাত মেলে

ঠোঁট নাঙলে পিৰালি চোঙায়
ল’ৰাই গৈ তাতে মূতে

বাৰীৰ জেওৰা খৰি হৈ জ্বলে
নৰাৰ চালত তৰাৰ গাঁঠি
নৰ থাকিব কেইৰাতি

দুৱাৰ-ডলিত শুনো পশুধনৰ পেন্পেননি
খাবলৈ পাই ওলাই নাযায়

ডাঙৰ দুটা বেচিম
পোৱালী দুটা কিনিম
জীৱই জীৱক উদ্ধাৰ কৰে

পলুৱাই নিয়া ছোৱালীজনীৰ জগৰ মাৰিবলৈ আহিব
আথেবেথে ভোজ এটি দিম,
বুকুৰ মৰম ভগাই ল’ব জানিলে
ভাৰ্-ভেঁটী নেলাগে নহয়

তথাপি আই
চিন্তা নকৰিবি
পোৱালী দুটা বেচা টকাৰে কিবা এটা লগত দিম
বাপেৰাটো জীয়াই আছো মই

বিশ্বাসৰ বনানীকৰণ ৷ ৬৭