পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাক দেখিলে...

চাই আছোঁ
চাই আছোঁ

ক’ত দেখিছিলোঁ
ক’ত দেখিছিলোঁ

চিনিও নিচিনিছোঁ
দেখিও নেদেখিছোঁ
স্মৃতিৰ বিস্মৃতি

মই চাইছোঁ দাপোনলৈ
দাপোনে চাইছে মোলৈ
শেলুৱৈৰ ছবিত পোহৰৰ তিৰ্ বিৰণি

কেনেকৈ ক’ম
কেনেকৈ বুজাম
তুমি নহয় তুমি
মোৰ এখন আপুৰুগীয়া ছবি

কেনেকৈ কওঁ
কেনেকৈ কওঁ
তোমাক দেখিলে
জিলিকে এখন আত্মময় ছবি

বিশ্বাসৰ বনানীকৰণ ৷ ৫৯