পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিমল সুখ


দুখো একপ্ৰকাৰৰ সুখ
সকলো প্ৰকাৰৰ সুখক সুখ বুলিব নোৱাৰি

দুখৰ সুখক সুখ বুলি মানি লওঁ
জীৱনৰ মোহত মুগ্ধ হওঁ

সুখৰ নদীত মাছ হৈ জীয়াই আছোঁ
নদ-নদী, বিল পুখুৰীৰ পানীৰ পাৰ্থক্যক মাছে নুবুজে


সুখে হঁহুৱায়
সুখে কন্দুৱায়
সৰুৰপৰা ডাঙৰ হলোঁ
পেটৰ উমান নাপালো

সুখৰ গৰাকী মন
মনৰ গৰাকী মই
সুখ অৰ্জনৰ কৰ্তৃত্ব মোৰ

মনৰ সুদক্ষ পৰিচালনাত দুখৰ সুখ সুখলৈ গতি কৰাৰ শেষত
সুখৰ সুখ বিমল সুখত স্থায়ী বসতি কৰে

প্ৰকাশ : জনসাধাৰণৰ দেওবৰীয়া বিশেষ, ২৪-০৪-২০১৬

২৮॥ বিশ্বাসৰ বনানীকৰণ