পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মা–কালী


আগফালে নগ্ন পাহাৰ
পিচফালে উন্মুক্ত সীমা
যুগে যুগে নাৰীৰ অপমানৰ কুটাৰ্থ প্ৰত্যুত্তৰ

হে মা!
তোমাৰ উগ্ৰতাক মই সহিব পৰা নাই

মোক আৰু উপহাস নকৰিবা

এখন আঁৰ কাপোৰে ঢাকি দিয়া
তোমাৰ সমস্ত

মই কাপুৰুষ নহয়!

২২॥ বিশ্বাসৰ বনানীকৰণ