পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বিলাতৰ চিঠি
 
১৬

 চেণ্ট ষ্টীভিঞ্চ্‌ ৰোডৰ ঘৰত দুদিন কি তিনিদিন থকাৰ পাছতেই মিচেচ্‌ মল্লিকে ঘৰ সলালে। ময়ো তেওঁলোকৰ লগতে নতুন ঠাইলৈ গ'লোঁ। সেই ঘৰৰ ঠিকনা ৪৯ নম্বৰ বাৰ্লিংটন ৰোড, আগৰ ঘৰৰ ওচৰতে। এই দুদিন কি তিনিদিন মই চেন্ট ষ্টীভিঞ্চ্‌ ৰোডত থকাৰ নিমিত্তে খোৱা আৰু থকাৰ নিমিত্তে এক গিনি মোৰ দিবলগীয়াত পৰিল।

 এন্‌গেজমেণ্ট্‌ অনুসাৰে মিঃ জে. এন. ৰায়ৰ লগত মিচেচ্‌ কীটিঙৰ তালৈ যোৱাত ঠিক হ’ল যে মই হাই গেটত থকা মিচেচ্‌ কীটিঙৰ বায়েক মিচেচ্‌ স্পীয়েৰৰ লগত থাকিম। এই কীটিং পৰিয়ালৰ সৈতে প্ৰফেচৰ জে. চি. বোস আৰু তেওঁৰ সমসাময়িক আৰু পূৰ্ব্বৰ বিলাত-প্ৰবাসীৰে সৈতে বৰ চিনাকি আছিল। মিচেচ্‌ কীটিঙে লণ্ডনৰ কোৰ্ট (কচাৰি) সংক্ৰান্ত কিবা কাম কৰিছিল। তেওঁৰ অৱস্থা স্বচ্ছল যেন মনত হ’ল। মিঃ ৰায়ৰ লগত আমি বেজৱাটাৰৰপৰা অমনিবচ্‌ গাড়ীত উঠি ভিক্টোৰীয়া নামে ষ্টেশ্যনৰপৰা গাড়ীত উঠি ব্ৰিক‌্চ্‌টনলৈ ৰেলগাড়ীৰে গ'লোঁ। তেওঁ মোক বাটে বাটে যি ঠাই দেখুৱা উচিত দেখুৱাই দেখুৱাই গৈছিল। ভিক্টোৰীয়া ষ্টেশ্যন টেমচ্‌ নদীৰ ওচৰতে। সেই ষ্টেশ্যন এৰিয়ে গাড়ী (Grosvenor Bridge) গ্ৰোভনাৰ ব্ৰিজ বুলি সেই নৈৰ ওপৰত এটা ষ্টেশ্যনত ৰ'লগৈ। তেতিয়া মোক সেই নৈ দেখুৱাই ক'লে, “বাবা তমসা”। মই বুজ নেপালোঁ। টেমচ্‌ বুলি কোৱাতহে ভূ পালোঁ।

 তেওঁ আমাক এনেকৈ ঠাই দেখুৱাই গৈছিল। এটা কথা এইখিনিতে কৈ থওঁ, মোৰ এতিয়া যিমানদূৰ মনত পৰিছে অমনিবচ আৰু ৰেলৰ কেৰেয়া সেইদিনা মিঃ ৰায়ে দিছিল। কিন্তু সেইটো উচিত নহয়। যদি কোনোবাই মোৰ এই চিঠিবোৰ পঢ়াৰ পাছত বিলাতলৈ যায়, তেওঁ যেন নিজৰ পাথেয় দিবলৈ প্ৰস্তুত হৈ থাকে, —এক পেনিয়েই হওক বা এক পাউণ্ডেই হওক। বেজৱাটাৰৰপৰা ব্ৰিক্‌চ্‌টনলৈ যোৱা আৰু অহাৰ খৰচ বাৰ অনাতকৈ বেছি নাছিল। মোৰ জেপত বাৰ অনাতকৈ বহুত বেছি পইচা আছিল; মোৰ পইচা দিবলৈকো অনিচ্ছা নাছিল, লাজতেই হওক বা ইযে এটা এটিকেট বিৰুদ্ধ কাম সেইটো নভবাৰ কাৰণেই হওক, মই সেই বিষয়ে একো নেভাবি তেওঁক মোৰ ভাড়া দিয়াত বাধা দিয়া নাছিলোঁ। পাঠক-পাঠিকাসকলে তেতিয়া মোৰ বয়স কিমান। আছিল ভাবি চাব। ইংলণ্ড প্ৰভৃতি ঠাইত টকাৰ মূল্য বহুত। সেইদেখি প্ৰত্যেকে নিজৰ খৰচ দিবলৈ সাজু হৈ থকা উচিত।

 বাৰ্লিংটন ৰোডত সাতদিনমান আছিলোঁ। তাৰ পাছত স্পীয়েৰ্চ পৰিয়ালৰ ঘৰলৈ। গ'লোঁ। লণ্ডনৰ আৰ্লচ কোৰ্ট (Earl's Court) বুলি ঠাইত সেই সময়ত এখন ‘এক-