পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যাধি জাৰে
পানী কাটে
ধান বানে
চাউল কাঁৰে
চিৰা বা সান্দহ খুন্দে
শপত খায় বা কাঢ়ে
সৈ লয় বা কাঢ়ে
নাম কাঢ়ে
ঈশ্বৰৰ নাম লয়
চুৰ কৰে
ডকা দিয়ে
সখী বান্ধে
থিয় দিয়ে বা হয়

   

হাতী ঘোৰা মাৰে ( উঠে)
টকা হয়
টকা কৰে
গুণ দিয়ে
অগুণ কৰে
ফাঁকি দিয়ে
ছল কৰে
জুৰ লয় বা গায়
ধান, মাহ, শৰিয়হ বয় (সিচে)
দাবি, হুকি, গালি খায়
মন সামৰে বা বান্ধে
মন মেলে

২। কিছুমান প্ৰচলিত অশুদ্ধ বাক্য আৰু
সিহঁতৰ শুদ্ধ ভাঙনি।

অশুদ্ধ—ডাঙৰ বিষয়াৰ কথাই নকওঁ, কনিষ্টবলেই মোৰ মনত ৰজা।
শুদ্ধ—ডাঙৰ বিষয়াৰ কথাই নকওঁ, কনিষ্ট বলেই মোৰ মানত ৰজা।
অঃ—যা হওক মূৰকত সি আহি ওলাল।

শুঃ—সি যিকি নহওক, বা সি যি নহওক, মূৰকত সি আহি ওলাল।

১৮