পৃষ্ঠা:পৰমাৰ্থ দৰ্পণ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পৰমাৰ্থ-দৰ্পণ।


পাৰে। অধিকন্তু, এখন ডাঙ্গৰ মৰু পথাৰৰ মাজত এটি বালিৰ ৰেণু যেনে, মহাসাগৰৰ মাজত এটি পাণীৰ কণিকা যেনে, আত্মাৰ মানত বিশ্ব–ব্ৰহ্মাণ্ডৰ সমস্ত জ্ঞানো তেনে। আত্মাই চকুৰ পচাৰতে নিম্ন পৃথিবীৰ পৰা উৰ্দ্ধ্ব আকাশলৈ উঠিব? বিশ্ব-জগতৰ এমূৰৰ পৰা আন মূৰলৈ মূহুৰ্ততে ফুৰি-চাকি আহিব, মাটিৰ ওপৰৰ পৰা আকাশ-মণ্ডল পিয়ল কৰিব আৰু গ্ৰহ, তৰাৰ আকাৰ-প্ৰকাৰ, গঢ়-গতি, ইটে- সিটে অন্তৰ ঠিকনা কৰিব পাৰে। আকৌ, অঠাই সাগৰৰ তল-চৰীয়া মাছ, কল-কৌশলেৰে ওপৰলৈ তুলি আনিব, আলাসত উৰি–ফুৰা চৰাই-চিৰিকতিক, তিলকতে মাটিত পেলাব আৰু হাতী; ঘোং, বাঘ-ভালুক আদি মহাবলী বনৰীয়া জন্তুকো, কৌশল ক্ৰমে, নিজৰ বশীভূত কৰি লব পাৰে।

 আত্মাৰ গুপ্ত মহত্ত্ব; বিশ্ব-জগতৰ আশ্চাৰ্য্য ২ জ্ঞান, আত্মাৰ ব্যবসায়। সেই জ্ঞান, পাঁচ ইন্দ্ৰিয় সাহায্যে লাভ হয়। ইয়াক চাই জানিব পাৰি, আত্মালৈ সমস্ত ইন্দ্ৰিয়ৰ একোটা বাট আছে। সৰহ ভাগ মানুহে, অকল জড়-জগতকে জানিব লগীয়া বিষয় আৰু অকল ইন্দ্ৰিয় বোৰকে জ্ঞানৰ দুৱাৰ বুলি ভাবে; কিন্তু, বহুত বিস্তৃত আধ্যাত্মিক জগতো যে, আছে, সেই সমন্ধে জ্ঞানো মানুহে লাভ কৰিব পাৰে আৰু আধ্যাত্মিক জগতৰ ফালে, মনুষ্যাত্মাৰ, এটি অতি বহল বাট মুকলি আছে,

সেই কথা সকলোৱে জ্ঞাত নাই।