পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 কায়স্থ সমাজৰ ইতিবৃত্ত। নপৰ নপৰ পৰা সতৰত গময়। আৰু লগে। এসময়ত আলি-পুখুৰীৰ মালবিলাকক বিদেশী মালে পৰাস্ত কৰাত শ্ৰীশঙ্কৰে সেই মালৰ লগত যুজি জয় লাভ কৰাৰ কথা ভূসণ দ্বিজৰ গুৰু চৰিতত পোৱা যায়। শ্ৰীশঙ্কৰে সোতৰ বছৰ বয়সলৈ গুৰু-গৃহত লিখা-পঢ়া কৰে। তেওঁ ব্যঞ্জন বৰ্ণমালা শিক্ষা কৰিয়েই তলৰ শ্লোকটো ৰচনা কৰা বুলি গুৰু চৰিতত উল্লেখ আছে :- “কতল কমল কমল দল নয়ন। খৰতৰ বৰ শৰ হত দশবদন। ভৱদৱ দহন গহন বন শয়ন॥ খগচৰ নগৰ ফণধৰ শয়ন। জগদঘ মপহৰ ভৱভয় তৰণ। সময় ভয় ভয় মমহৰ সততয়॥ পৰপদ লয় কমলজ নয়ন।” ছয় বছৰ গুৰু-গৃহত থাকি তেওঁ ব্যাকৰণ, জ্যোতিষ, কাব্য, দৰ্শন আদি শাস্ত্ৰত পৰিপক হৈ ঘৰলৈ আহি যোগ অভ্যাস কৰিবলৈ ধৰে। যোগ কৰা সম্বন্ধে চৰিত পুথি পঢ়িলে বুজিব পৰা যায়—কোনো কোনো সময়ত প্ৰভুৱে বুঢ়া আঙুলিৰ ওপৰত ভৰ দি থাকে, কোনো সময়ত ব্ৰহ্মপুত্ৰৰ পানীৰ তলত ডুব গৈ থাকে আৰু কোনো সময়ত বা পদ্মাসন অৱস্থাত ওপৰলৈ উঠে। খেৰসুতী আই আৰু পিতামহ জয়ন্তাই শ্ৰীশঙ্কৰৰ এনে অৱস্থা দেখি যোগৰপৰা নিবৃত কৰিবলৈ বহুত যত্ন কৰিবলৈ ধৰিলে, কিন্তু তেওঁবিলাক কৃতকাৰ্য্য নহল। এনে বোধ হয়, যেন বিধাতাই শিৰোমণি ভূঞাক ৰাজ্যচৰ্চা ত্যাগ কৰি ধৰ্মচৰ্চাহে কৰিবলৈ ইঙ্গিত দিছিল। জয়ন্তাই পাচত নিৰুপায়ত পৰি জোৰ কৰি শ্ৰীশঙ্কৰক বিয়া কৰাই দিয়ে। লগে ৰাজ্যচৰ্চাৰ সমস্ত কাকত-পত্ৰ। তেওঁক শোধাই দিয়ে। “জয়স্তা মাধৱ দুয়ো প্ৰিয বাক্যে আশ্বাসিয়া সম্বুধি বুলিলা শঙ্কৰক। তোমাৰ পিতৃৰ লোক তোমাতে খাটোক বাপ চৰ্ডিয়োক পূৰ্ব বিষয়ক শব্দৰে বোলন্ত মোক নালাগে পিতৃৰ লোক প্ৰয়োজন নাহিকে আমাৰ। পঢ়িলোহে শাস্তু দুখে গৃহত থাকিয়া সুখে কৰিবোহ অৰ্থক বিচাৰ। ১৫৪ তথাপিতো দুয়োজনে বুলিলন্ত বহুমানে পূৰ্বাপৰ কৰিয়া ব্যৱস্থা। এক শত তন্ত্ৰী গিৰি দিয়া তাক অধিকাৰী শঙ্কৰক পাতিল গোমস্থা॥” ভূষণ দ্বিজ—গুৰু চৰিত। জয়ন্ত-মাধৱৰ অনুৰোধ এৰাব নোৱাৰি সিবিলাকৰ ব্যৱস্থা মতে প্ৰথমে এশ ঘৰ মানুহৰ ওপৰত গোম (সৰুভূঞা) হয়। ইয়াৰ কিছুদিন পাচত সকলোৱে শ্ৰীমন্ত শঙ্কৰদেৱক শিৰোমণি ভূঞা পাতে। শ্ৰীশঙ্কৰে আলি-পুখুৰীত অলপ দিন থাকি বৰদোৱালৈ ৰাজধানী তুলি আনে :-