পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ঈ ) “তৎপৰবৰ্ত্তী বংশত তিনজন ৰাজ| হইছিল; নীলধ্বজ, চক্ৰধ্বজ, আৰু নীলাম্বৰ। প্ৰথম জন ৰাজাই কমতাপুৰ নগৰ পাতিছিল। এই নগৰৰ ভগ্নাৱশেষ কোচবিহাৰ ৰাজ্যত ধল্লা নদীৰ পূবপাৰে এতিয়াও আছে। এই নগৰ বৰ বিস্তৃত আছিল; বাকাননে ইয়াৰ পৰিধি ১৯ মাইল পাইছিল। ইয়াৰ ৫ মাইল ধল্লাই আৰু বাকীখিনি এটা প্ৰাচীৰ আৰু খালে ৰক্ষা কৰিছিল। এই পুৰাতন নগৰগিলাৰ লক্ষণ একে,— গড়ৰ ভিতৰত গড়, প্ৰাচীৰৰ ভিতৰত প্ৰাচীৰ, সম মাজত ৰাজাৰ হাউলি। “এই বংশৰ তৃতীয় ৰাজ৷ নীলাম্বৰ বৰ প্ৰতাপী আছিল। তেওঁৰ ৰাজ্যত কামৰূপৰ বেচি ভাগ, গোটাইখান ৰংপুৰ আৰু বঙ্গ- দেশৰ একাংশ ভুক্ত আছিল। দিল্লী-সম্ৰাটৰ পৰা নিজক স্বাধীন ৰাখিবৰ কাৰণে বঙ্গদেশৰ আফগান ৰাজাসবে যি যুদ্ধ কৰিব লাগাত পৰিছিল সেই যুদ্ধৰ সুযোগে এই ৰাজাই বঙ্গদেশ লব পাৰিছিল। তেওঁ কমতাপূৰৰ পৰা ঘোড়াঘাটক লাগি এটা বৰ সুন্দৰ আলি কৰাইছিল। এই আলিৰ অনেক অংশ আজিও ভাল অৱস্থাতে আছে৷ বহুঠাইত বহুত বিস্তৃত দুৰ্গৰ নাম এতিয়াও নীলাম্বৰ। “নীলাম্বৰৰ পতন মন্ত্ৰী সচী-পাত্ৰৰ কোপানলৰ ফল। ৰাজাই মন্ত্ৰীপুত্ৰক কিবা দোষৰ নিমিত্তে বধ কৰাই তাৰ মাংস ৰান্ধাই মন্ত্ৰীক খুৱাইছিল। মন্ত্ৰী প্ৰতিশোধ লবৰ মনে গৌড়-দেশক যাই মুচলমানৰ দ্বাৰা ৰংপুৰ আক্ৰমণ কৰালে। কামৰূপত মুচলমানৰ প্ৰবেশ এই প্ৰথম। কমতা নগৰ বহুকালব্যাপী মুচলমানৰ আক্ৰ মণতো থিয় থাকিল। সমশেষত মুচলমানৰ চক্ৰান্তত হে এই নগৰৰ পতন হল। মুচলমান সেনাপতি আৰু এইদেশ লব নৰে বুলি জানাই সন্ধি স্থাপনৰ প্ৰস্তাৱ কৰিলে আৰু মুচলমান মহিলাসবক হিন্দু