পৃষ্ঠা:প্ৰতিমা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শান্তি।

সংসাৰৰ উপেক্ষা ৰাশিয়ে
নাশিব নে শান্তি হৃদয়ৰ?
বাটৰুৱা লোকৰ কথাতে
ভাঙ্গিবা নে আপোনাৰ ঘৰ?
অভিমান ভৰা হৃদয়ত
বিন্ধিব তো উপেক্ষাৰ বাণে।
আমি হেৰা নৰ সংসাৰত
দাসৰো যে দাস, নেজানা নে?
মিছা অভিমান, সুখ আশা,
মিছা এই উপেক্ষাৰ ৰাশি।
প্ৰেমৰ আগত কিবা দুখ,
কিবা মৃত্যু?—প্ৰেম মৃত্যুঞ্জয়।
ৰোগ শোক তাপ অভিমান
মানুহৰ মনৰ জঞ্জাল।
জঞ্জালতে আত্ম বলিদান!
—নোহে ইটো পৰমাৰ্থ জ্ঞান।
যি প্ৰেমেই তোমাৰ সম্বল
সেয়ে স্পৰ্শমণি সংসাৰৰ।