এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(৪৯)
অন্তৰত আসন পাৰি থৈছোঁ গোসানী,
হিয়াত আহি থিতি হোৱা—আই বীণাপাণি।
নেজানো কিহেৰে পূজোঁ,
মহিমা কিমতে বুজোঁ।—
তোমাৰেহে শুনো সদায় আকাশী-বাণী।
নধৰিবা দায় দোষ,
শুধৰাই দিবা মোক,
বাট এৰি অবাট ললে আনিবা টানি।
—দেখা নাই এনেকুৱা,-
নেজানো বাট আচহুৱা;
দিব্য তোমাৰ পোহৰকে লওঁ যেন মানি।
⸻
১৮৩৬ শক |
৪