পৃষ্ঠা:পাখি লগা মন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পাখি লগা মন


 — ‘হয়নেকি?’

 —‘সেইয়া বহু যুগৰ আগৰ কথা। সমগ্ৰ পৃথিৱীতে তেনে ব্যৱস্থাই তাকো কেৱল ৰজা মহাৰজা সকলৰ বাৰ্তাহে অনা নিয়া কৰাৰ সুবিধা।

 —‘বাকীবোৰ?’ আয়নে কথাবোৰ জানিবলৈ কৌতুহল হ’ল।

 —‘আমাৰ ভাৰতবৰ্ষত ১২৯৬ চনৰ পৰা ডাক সেৱাৰ নিয়ম কৰে পাঠান শাসক আলাউদ্দিন খিলিজীয়ে। নিজৰ সৈন্য বাহিনীৰ বা বাতৰিৰ জানিবলৈ এই ব্যৱস্থা কৰিছিল। তেওঁ ঘোৰাত অহা-যোৱা কৰিবলৈ ব্যৱস্থা কৰিছিল। তাৰ পিছৰ জন ৰজা শ্বেৰশ্বাহে আক’ বঙ্গৰ পৰা সিন্ধু প্ৰদেশলৈকে এটা দীঘল পথ নিৰ্মাণ কৰাই আৰু সুবিধা কৰি ল’লে, যাতে প্ৰয়োজনীয় বাৰ্তাবোৰ বেগাই পাব পাৰে।

 — ‘সেইটো পিছে বৰ উচিত কাম কৰিছিল দেই।’ আয়নে ৰস পালে।

 ককাই ক’লে —‘অকল সেয়ে নহয়। কিছু দূৰৰ মূৰে মূৰে কিছুমান চৰা ঘৰ’ মানে জিৰণি ঘৰ সজাই দিলে। তাত ঘোৰা সাজু ৰাখিলে। গোটেই সাম্ৰাজ্য খনতে তেওঁ এই ব্যৱস্থা কৰিছিল।’

 —‘আগৰ ৰজা-মহাৰজাবোৰৰ কামৰ পদ্ধতিবোৰ বৰ বুধি থকা আছিল, নহয়নে ককা?’

 —‘তেওঁলোকৰ এটাই চিন্তা, সাম্ৰাজ্য ৰক্ষা কৰা। তেওঁকে দেখি পিছৰ ৰজা-মহাৰজাই ডাকসেৱা উন্নত কৰি গ’ল। অৱশ্যে প্ৰায় ১০০ বছৰৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আচল কামটো কৰি তুলিলে। বোম্বাই, মাদ্ৰাজত দুটা প্ৰধান ডাকঘৰ সাজিলে আৰু বাকী প্ৰদেশবোৰত সৰু সৰু কিছুমান ডাকঘৰ সজালে। আৰু ১৭৭৪ চনত জনসাধাৰণৰ বাবেও এই সেৱা মুকলি কৰি দিলে। সেইটো নিৰূপন কৰি দিলে প্ৰতি ১০০ মাইলৰ বাবে ডাক খৰচ লাগিব দুই অনা। দুই অনা মূল্যৰ তামৰ মুদ্ৰাও ওলাল। ডাক মাচুল ডাকঘৰত দিব লাগিছিল, তেতিয়া চিঠিৰ ওপৰত ‘পোষ্ট পেইড’ বুলি লিখি দিছিল। ডাক খৰচ নিদিলে। ‘বিয়াৰিং বুলি লিখিছিল। চিঠিত মোহৰ মাৰি দিছিল দেই। ‘বিয়াৰিং’ চিঠিৰ ডাক খৰচ লওঁতা জনৰ পৰা লৈছিল।’

 — ‘বাঃ চমৎকাৰ দেখোন!’