সমললৈ যাওক

পৃষ্ঠা:ন-বোৱাৰী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫ ]
ন-বোৱাৰী।

 মানিকী— ময়ো যাওঁ; আইদেউৰ লগতে এটেপা সৰকাব লাগে। বৌদেউ বোৱাৰী ছোৱালী- নেখালেও খাওৰিব পাৰে।

২য় গৰ্ভাঙ্ক।

শোৱনী ঘৰ।

চন্দ্ৰ কমল আৰু লাবন্য।

 লাবন্য— (চুকত বহি মনে মনে চকুলো টুকি থাকে)

 চন্দ্ৰকমল— ( কাছাৰীৰ পৰা আহি, স্বগত) কুঠৰি! তয় অকলে অকলে আছ? তোৰ জেউতি তোৰ শিতলতা কলৈ পঠিৱাবি? তয় ভূ নেপাৱ হ’বলা ময় এফালৰ পৰা আহি তোৰ উদঙ্গ বুকু দেখিলে কিমান শন্তাপ পাওঁ মোৰ দুখ-তাপ, কোনে শোহে, ময়ো বা এতিয়া কাৰ মুখলৈ চাই হিয়া শীতলাও। আকৌনো এই তপত হিয়া তপতে তপতেলৈ কেনেকৈ বাজ ওলাওঁ। তয় কাঠ বাঁহৰ ঘৰ এটা, মোৰ মনৰ ভাব, মোৰ দুখ তয় কিয় পতিৱাবি? আইৱে নুবুজে। তেঁওক লাগে মাথোন কাম! (ঘৰি চায়) উ ৰাম দুটা বাজিল? এতিয়াই বনৰ পৰা হাত