পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উৎসৰ্গ।

⸻:0:⸻

পৰমাৰাধনীয়

 শ্ৰীলশ্ৰীযুক্ত উমাকান্ত দেবশৰ্ম্মা

 পিতা দেৱতাৰ শ্ৰীশ্ৰীচৰণকমলযুগলেষু।

পিতঃ

 আপুনি মোক লিখাপঢ়া শিকাবলৈ অশেষ যত্ন কৰিলে কিন্তু “পূৰ্ব্বজন্মনি যা বিদ্যা পূৰ্ব্বজন্মনি যদ্ধনং পূৰ্ব্বজন্মনি যা কন্যা অগ্ৰে ধাবতি ধাবতি” পূৰ্ব্বজন্মৰ প্ৰাক্তনৰ ফলেই হক বা আন কোনো কাৰণেই হক মই শ্ৰীশ্ৰীচৰণৰ আশানুৰূপ বিদ্যা উপাৰ্জ্জন কৰিব নোৱাৰিলোঁ। শ্ৰীশ্ৰীচৰণে যে মোৰ বিদ্যা শিক্ষাৰ বিষয়ে শৈথিল্য প্ৰকাশ বা যত্নৰ ত্ৰুটী কৰা নাই, এই কথাটীৰ চিন ৰাখিবৰ কাৰণে এই “নল-চৰিত্ৰ” পুথিখনি পদ-ছন্দেৰে লিখি শ্ৰীশ্ৰীচৰণৰ কৰকমলত অৰ্পণ কৰিলো। ইতি

ডিব্ৰুগড়,।
অপৰ আসাম।
শক ১৮১১।
১ কাৰ্টিক।
আশীৰ্বাদাকাংক্ষী,
সেবক শ্ৰীপূৰ্ণকান্ত দেবশৰ্ম্মা।