পৃষ্ঠা:নন্দী-সম্বাদ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৩)

 বৰৰ পৰা এটা বা দুটা গাই গৰু বা বৃষ ধৰ্ম্মাৰ্থে গ্ৰহণ কৰি কন্যা দান কৰাকেই আৰ্য বিবাহ বোলে॥


( ৪ )
সহোভৌ চৰতাং ধৰ্ম্মমিতি বাচানুভাষ্যচ,
কন্যা প্ৰদানমভ্যৰ্চ্চে প্ৰাজাপত্যো বিধিঃ স্তুতঃ॥
      মনু—৩।৩০

 “তোমালোকে দুয়ো গাহৰ্স্থ্য ধৰ্ম অবলম্বন কৰা হক’’ বুলি কৈ কন্যা দান কৰাকে প্ৰাজাপত্য বিবাহ বোলে॥


( ৫ )
জ্ঞাতিভ্যো দ্ৰবিণং দত্তা কন্যায়ৈ চৈব শক্তিতঃ,
কন্যা প্ৰদানং স্বাচ্ছন্দ্যাদাসুৰো ধৰ্ম্ম উচ্যতে॥
      মনু—৩।৩১

 কন্যাক বা কন্যাৰ পিতৃ মাতৃ অদিক ধন দি বিবাহ কৰোৱাকে আসুৰি বিবাহ বোলে॥


( ৬ )
ইচ্ছায়ান্যোন্যসংযোগঃ কন্যায়াশ্চ বৰস্য চ,
গান্ধৰ্ব্বঃ স তু বিজ্ঞেয়ো মৈথুন্যঃ কামসম্ভবঃ॥
      মনু—৩।৩২

 কামাতুৰ ভাবে দৰা চোৱালীৰ পৰস্পৰ মিলন হোৱাকে গান্ধৰ্ব্ব বিবাহ বোলে৷ ⸺