পৃষ্ঠা:নন্দী-সম্বাদ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২১)

জেত মহা স্নেহ কৰ,   প্ৰধান সাস্ত্ৰক স্মৰি,
  গোপ্য কথা কহিলো একান্ত॥
বাপ মূঢ় শুনা মুখে,   গন্ধৰ্ব্বে নাৰদ মুখে,
  এহি ৰুপে বিবাহ শিথিলা।
সেহি সব বিবৰণ,   কৰিলোহো বিজ্ঞাপন,
  আজি ধৰি তুমিও বুজিলা॥
অৰু প্ৰশ্ন কৰা যদি,   তোমাৰ সংশয় চেদি,
  কহিবাক পাৰো অবিকলে।
প্ৰভু মোৰ শুলপাণি,   ব্ৰহ্ম সুত মুনি জ্ঞানী,
  দুজনক সেবনৰ বলে॥
শুনিওক সভাসদ,   নন্দীসংহিতাৰ পদ
  ভাঙ্গিলোহো মই মূঢ় জনে।
হবিব ছৰণ চিন্তি,   হৰিসে জ্ঞানৰ বন্তি,
  ভাবি পূজা গুৰুৰ চৰণে॥

শ্লোক ও ভাঙ্গনি।
ব্ৰাহ্মো দৈবস্তথৈবাৰ্যঃ প্ৰাজাপত্যস্তথাসুৰঃ।
গান্ধৰ্ব্বো ৰাক্ষসশ্চৈব পৈশাচশ্চাষ্টমোধমঃ॥
      মনু— ৩।২১

 মনুসংহিতা মতে — ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰজাপত্য, আসুৰ, গান্ধৰ্ব্ব, ৰাক্ষস, আৰু পৈশাচ, এই আঠ বিধ বিবাহ। ইয়াৰ