পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৶৽

হল। সেই নিমিত্তে তেওঁবিলাক সাধাৰণৰ ওচৰত লজ্জিত আছে। সাধাৰণৰ পৰা মৰম পালে দ্বিতীয় বাৰ প্ৰকাশ কৰোঁতে অসমীয়া সুৰৰ গীতৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰা যাব।

 শেহত আমি শলাগ লৈ কওঁ যে, আমাৰ এই কামত কেবা জনো সমনীয়া বন্ধু আৰু ভাল মানুহে অৰ্থেৰে সহায় কৰিছে । তেওঁলোকৰ অৰ্থ সাহায্য নোপোৱা হলে আমি ইমান সোন- কালে সাধাৰণৰ আগত ইয়াক ধৰিবহি নোৱাৰিলোঁহেঁতেন। অসমীয়া ভাষাৰ সুলেখক আৰু শ্ৰদ্ধাপদ শ্রীযুত লক্ষ্মীনাথ বেজ- কৰা ডাঙ্গৰীয়াই আমাৰ এই পুথিথনিৰ ওপৰেদি চকু ফুৰাই শুদ্ধাশুদ্ধ চাই আমাক বাৰেওটি কালৰ নিমিত্তে তেওঁৰ ওচৰত কৃতজ্ঞতা-ডোলৰে বান্ধি ৰাখিলে। ইতি।

তেজপুৰ,অসম
শকাব্দা ১৮১৩