পৃষ্ঠা:ধৰম গিত.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১

 জি। ন হই আই, মোৰ জিৱাত্মাতে আৰু মনতে অনেক কুমতি জনমিচে।

 মা। সেই মতি নো কেনেকুআ?

 জি। মন ইস্বৰলৈ ন গৈ সদাই কুপথে জাই।

 মা। মানুহৰ এনে অৱস্থা কেতিয়াৰ পৰা হৈচিল?

 জি। জেতিয়া আমাৰ আদি পুৰুস আদমে পাপ কৰম কৰিচিলে, তেতিয়াৰে পৰা এনে কুমতি হল।

 মা। পাপ নো কেনে?

 জি। ইস্বৰৰ আগ্যা নে মানি জি কুকৰম কৰে, সেয়ে পাপ।

 মা। জিবোৰে পাপকে ভাল বোলে, সেইবোৰ কলৈ জাব?

 জি। দোৰ্ঘোৰ নৰকলৈ জাব।

 মা। জিবোৰে ইস্বৰক প্ৰেম কৰে, সেইবিলাক কলৈ জাব?

 জি। সেইবোৰ স্বৰগলৈ জীব।