পৃষ্ঠা:ধৰম গিত.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০


৮ আধ্যা।

 হেনৰিএ প্ৰথমতে সেই ঠাই পাঁওতে, ভাটি বেলা পালকিত উঠি বতাহ লবলৈ জাব পাৰি- চিল; আৰু খোঁ‌টালিৰ মাজতো অলপ অলপ ফুৰি, ধৰম পুথিৰ দুই এক আধ্যা হিন্দু- স্থানি ভাসাৰে দুই তিনি বেলি বেহেৰাৰ আগত পৰ্হিচিল। কিন্তু বেগতে নিৰ্বলি হোআৰ কাৰনে পৰ্হিব নোআৰিলে, আৰু ফুৰিবলৈকো জাব নোআৰিলে। পাচত তাৰ নৰিয়া অতি টান হলত, সেই সকলোকে এৰি আপোনাৰ সোআ খাটৰ ওপৰতে মৰনলৈ- কে থাকিল।

 বেহেৰাই আপোনাৰ সৰু চাহাবৰ মৰনৰ সমই পোআ জেন দেখি, বৰকৈ অসন্তোস কৰিবলৈ ধৰিলে, আৰু দিনৰে ৰাতিৰে মাজত আপুনি খোআৰ কাৰনেও তাক নেৰিলে, আৰু আপোনাৰ সক্তি থকালৈকে হেনৰিয়ে সান্তনা পাবৰ কাৰনে সকলো কথাতে চিন্তা কাৰ্বাৰ কৰিলে। বেহেৰাই তেতিয়া সৈ কাৰ্হিলে বোলে, এতিয়ালৈকে মই এই সকলোকে আ-