পৃষ্ঠা:ধৰম গিত.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১১

এই; কেৱলে এজন সত্য ইস্বৰ আচে, তেৱে সকলোৰে স্ৰজন পালন কৰ্তা, আৰু সেই ইস্বৰেই ঐস্বৰ্জমই স্বৰগকো স্ৰজন কৰিলে; জি মানুহে প্ৰিথিবিত থাকি তেঁওৰ সেৱা কৰি আচে, সিবিলাকেই সেই থানলৈ জাব; অৰু দুষ্টবিলাকৰ কাৰনে ভয়ঙ্কৰ নৰকো স্ৰজিলে। সূৰ্জ, চন্দ্ৰ আৰু তৰাবিলাকো, তেঁওএই স্ৰজা। ইয়াৰ পাচে তেঁও এই কথা শিকাই দিলে, “স্বৰগত থকা আৰু প্ৰিথিবিত থকা জি জি অচে, দিস্য বা অদ্ৰিস্য সকলো তেঁওৰ দোআৰাই স্ৰজন হৈচিল”। কলচিৰ ১ আধ্যা ১৬ পদ। কিন্তু জেতিয়া মেমে তাক এজন ইস্বৰৰ কথা সিখ্যা দিব খুজিলে, তাতে হেনৰিএ ইয়াকে বুজি বৰ খঙ্গ উঠি কলে বোলে, তুমি কেতিয়াও স্বৰুপ নো কোআ, কিয়নো মোৰ মাত্ৰিৰ এক ইস্বৰ, আৰু মোৰ বেহেৰাৰো এক ইস্বৰ, আৰু তাৰ বাহিৰেও আন আন অনেক ইস্বৰ আছে। হেনৰিএ ইয়াকে বুলি পিৰালিলৈ লৰি আহি, জিহকে জিহকে তেঁও তাৰ আগত কৈচিল সেই সকলো কথা বেহেৰাৰ আগত কৈ, তাৰ