পৃষ্ঠা:ধৰম গিত.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুজাইচিল। ইয়াৰ বাহিৰেও জিহকে লৰাৰ সিকিবৰ উচিত ন হই, তাকে চাকৰবিলাকৰ দোআৰাই সিকিলে। কিন্তু চাকৰবিলাক দেও পূজক হৈ সিহঁতে জে তাক উতম সিখ্যা দিব এনে আসা কৰিবলৈ ঠাই নাচিল। সেই নিমিতে জি মেমে সেই লৰাক ৰাখিচিল, তেঁওত অধিক দোস লাগিচে; কিয়নো খ্ৰিষ্টি- য়ান বাপেক মাকৰ লৰাক তেঁও দেও পূজক- বিলাকৰ হাতত এৰি দিলে, এয়ে অতি বি- সম কথা।

 হেনৰিৰ পাঁচ বচৰ বয়স হলত এজনা মেম অহিল; সেই মেম অলপ দিনৰ ভিতৰত বি- লাতৰ পৰা আহি কিচু দিন হেনৰিৰ মাকে সৈতে অচিল। তেঁও ইংলণ্ড দেসত থকা এজন উতম ধৰম প্ৰচাৰকৰ জিএক, আৰু আ- পোনাৰ পিত্ৰিৰ দোআৰাই ধৰমৰ বসয়ে অতি সুন্দৰ ৰুপে সিখ্যা পালে। তেঁৱে আপো- নাৰ ঘৰৰ পৰা কেতবোৰ ধৰম পুস্তক, অৰু লৰবিলাকৰ কাৰনে সুন্দৰ সুন্দৰ কিতাপ আৰু নক্‌চাও অনিচিল। চাকৰবিলাকৰ লগত