পৃষ্ঠা:ধৰম গিত.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
নতুন য়িৰুচালাম।

জইধনি সুনা, দুতৰ স্বৰ,
 হে মৰ্ত্য লোক সকল,
দেখা, ইস্বৰৰ তাম্বু ঘৰ
 মানুহৰ সঙ্গি হল।

তেঁওৰ লোকে সৈতে দিন নিয়াই
 পাল কৰিব ইস্বৰ;
সকলো চকুৰ লো গুচাই,
 সুখ দিব নিৰন্তৰ।

সৰিল বা মনৰ দুখ কেলেস,
 বিয়াধি বা মৰন,
কোনো ন কৰিব প্ৰবেস
 এই নতুন স্ৰিষ্টি খন।

হে প্ৰভু, তোমাৰ আগমন
 কিমান দিন আৰু ৰই?
কাল চক্ৰৰ বেগে হওক ঘুৰন,
 আনোক সেই সুখ সমই।
 ন. ব.

ঞ ৩