পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৩৭)

মোৰ জীৱনৰ ব্যৰ্থতা
সকলো সাৰ্থক আজি,—
কোন সি ধনী তত্ত্ব-জ্ঞানীৰ
অমূল্য স্যমন্ত-মণিৰ
মন্ত্ৰ-পৰশ লাগি,—
—গুচিল অপায় নৈৰাশাৰ
আত্ম-বিলোপ অন্ধকাৰ
জ্বলি উঠিল  দশোদিশে
হিৰন্ময় ৰত্ন-ৰাজি!
আঁতৰিল মোহ ভ্ৰান্তি,
উজ্জ্বল সহস্ৰ বন্তি,—
আচম্বিতে অন্তৰত কাৰ,
জয় দুন্দুভি উঠিল বাজি।

আহাৰ, ১৮৫৩ শক]