পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 
 

(২৯)

প্ৰান্তবাসী  হে যোগীবৰ।
 দুৱাৰ-ৰক্ষী  তীৰ্থ ৰাজৰ,
 জলোচ্ছ্বাসৰ তূৰ্ষ্য় বজাই
 বোৱাই ব্ৰতৰ মহিমা,
 -ধুৱাই ক্লেদ কালিমা;
 ভাঙি হেঙাৰ বিঘ্নি বাধাৰ
 লঙ্ঘি প্ৰাচীৰ হিম-পাহাৰ
 ধীৰ গৰৱে সিংহনাদে
 গোৱা ক্ষত্ৰ গৰিমা।
 ক্ষত্ৰ-বীৰৰ বিষাদ হৰ্ষ
 জিনি উঠিল উচ্চাদৰ্শ
 তুচ্ছ কৰি মাতৃ-ঘাতীৰ,
 মৰ্ম্ম-গ্ৰাসী গ্লানিমা।

চ’ত ১৮৩৭ শক]