পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যত নতুন হেন্দোলনি
উমেশচন্দ্ৰ চৌধাৰীৰ গীতৰ পুথি
দেৱধনি : প্ৰতিধ্বনি : মন্দাকিনী
চেতনা, সাধনা, মিলন, বৰদৈচিলা,

 বাহী, আৱাহন আদি আলোচনীবিলাকত মাজে মাজে প্ৰকাশ হোৱা, সময় বিশেষে গ্ৰামোফনত ৰেকৰ্ড হোৱা আৰু সভা-সমিতিত বা নাট-অভিনয়ত গোৱা অনেক গীতৰ পৰিচয় ৰাইজে বহুদিনৰপৰা পাই আহিছে।

 (১) প্ৰতিধ্বনি-লৰা-ছোৱালী আৰু ডেকা-গাভৰুৰ উপযোগী ৯২ টা গীতৰ সমষ্টি, ডাঠ এন্টিক কাগজত নীলা চিঞাহীৰে পাইকা আখৰেৰে ধুনীয়াকৈ ছপা, ১১২ পিঠিৰ কিতাপ। বেচ, পকাবন্ধা ১৲ -কেচাবন্ধা ৸• অনা।

 (২) দেৱধ্বনি-প্ৰায় ৮৪টা গহীন ভাৱৰ গীত ইয়াত গোটোৱা হৈছে। এণ্টিক কাগজ, কলা চিঞাহীৰে পাইকা আখৰেৰে ধুনীয়াকৈ ছপোৱা প্ৰায় ১০০ পিঠিৰ কিতাপ; বেচ, পকাবন্ধা ৸• কেচাবন্ধা॥• অনা।

 (৩) মন্দাকিনী-( ছপাবলৈ দিয়া হৈছে) এই পুথিত আদি-ৰসৰ আৰু বনগীতৰ ঠাঁচৰ প্ৰায় ১২০ টা গীত গোটোৱা হৈছে। কাগজ, ছপা, বন্ধা আগৰ দুখন পুথিৰ দৰেই হব। বেচ—পকাবন্ধা ১৲

কেচাবন্ধা ৸•

.