এই সময়তে এটা পাঁচ ছয় বছৰীয়া কোৱাড্ৰূন (Quadroon) লৰা সেই খোটালীত সোমালহি। লৰাটোক দেখিলেই মৰম লাগে।
শ্বেলবিয়ে কলে, “এই জিম্ ক্ৰো, এইফালে আহ, এই আঙ্গুৰ খিনি ধৰ চোন্।”
সৰল লৰাটীয়ে যেতিয়া পৰোঁ নপৰোঁ হৈ সেই আঙ্গুৰ বুতলিবলৈ গ’ল শ্বেল্বিয়ে মনৰ সুখত হাঁহিবলৈ ধৰিলে।”
জিম্ ক্ৰোক্ মাতি আনি মৰম কৰি শ্বেলবিয়ে কলে, “তোৰ গান গাই নাচ নাচি এই ভদ্ৰলোকজনক দেখুৱাচোন্।”
কোৱা মাত্ৰকতে লৰাটীয়ে নীগ্ৰো সঙ্গীত মিঠা মাতেৰে গাই আৰু সুন্দৰ ভঙ্গিৰে নীগ্ৰো নাচ নাচি, তালৰ সামঞ্জস্য ৰাখি, দুয়োকো মোহি পেলালে।
“ব্ৰাভো, বাহ বাহ, শুনক, এই লৰাটোক, টমৰ লগত দিয়ক মই আৰু একো নকওঁ, দিব নে?”
এই খিনি সময়তে পঁচিশ বছৰীয়া এজনী সুন্দৰী কোৱাড্ৰূন গাভৰু ছোৱালী খোটালীত সোমাল দেখিয়েই তাইক সেই লৰাটীৰ মাক বুলি জানা গ’ল। একে কলা বৰণীয়া মনমোহ চকু, একে চকুৰ পাত, একে চুলিৰ বৰণ।
“কি লাগে, ইলাইজা?” শ্বেলবিয়ে শুধিলে।
“দেউতা, হেৰিক বিচাৰি আহিছিলোঁ।”
লৈ যা তাক তেনেহলে।” মাকে তাক বেগাবেগিকৈ
কোলাত লৈ গুছি গ’ল।