পৃষ্ঠা:তৰা ফুল.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চৌদিশ সুশোভন
তাতে ভোমোৰাৰ গুঞ্জন।
পুলকিত কিযে তনুমন
ফুলৰ ৰঙীন গানে
পৰাণে পৰাণে আনে
বিচলিত কিনো বিমোহন।

থুপি থুপি কেঁচাসোণ
সোণাৰুৰ ওলোমা জোন
পিন্ধি দেখোঁ নাচে সখিয়াই
বোল সানি আহাৰৰ
খোল ভাঙে বেজাৰৰ
সুহুৰি বজায় পাপিয়াই।

পুৱাৰ সমীৰে আহি
কঁপাই সৰালে পাহি
বাট হ’ল ৰঙে বিতোপন
অনুপম অনুৰাগে
অশেষ বাসনা জাগে।
তোমাৰ কি মধু আলিঙ্গন।

- ২৬ -