এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)
ধঁপাত খাই খাই ধূমুৰি ধৰিলে
তললৈ কৰিলে মূৰ৷
জখলা পাতিয়ে উঠা বুঢ়ী আই
দিয়াহি ধোৱা চাঙ্গৰ গুড়॥
ভাঙো এ খালো ধুতুৰা এ খালো
তেও নপতিয়াই চিত।
গাধুই উঠি শ্ৰীৰাম গোসাঁয়ে
গাইছে ধপাতৰ গীত॥
⸻ ০ ⸻
বৰ্ণ জুনা।
ক বোলে কলিযুগে ৰাম নামে সাৰ।
খ ’’ ক্ষন্তেকে কৰিব নিস্তাৰ॥
গ ’’ গৰ্ভতে নাথাকিবা শুই
ঘ ’’ ঘাটি দিয়া পাপে লাগে জুই॥
ঙ ’’ ৰিং মাৰি চাৰি বেদে কয়।
চ ’’ চণ্ডালেও হৰি নাম লয়॥
ছ ’’ ছত্ৰ ধৰি নিব অন্তিমত।
জ ’’ জৰ ৰোগে সবে হব হত॥
ঝ ’’ ঝৰে ৰক্ষা কৰিবহি নামে।
ঞ ’’ ৰিঙাব নেলাগে ঐ কামে॥