পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“দেখুৱাই ছিলে মোক ভাব প্ৰণয়ৰ
“ভালে মানে, মোহ গই মোৰ সৌন্দৰ্য্যত॥

   ( ১৫ )
 “বহুত ডেকাই লই মনি কেৰু ধন
“আহিছিল দিনে দিনে মোক নিবলই;
“আহিছিল এটি ডেকা নিচেই পাছত
“এডুইন্ নামেৰে, ভৰা প্ৰেমেৰে হৃদয়॥

   ( ১৬ )
 “অন্তৰ সৰল; সেই সুন্দৰ মূ-খনি
“কপটতা বোলে কাক নাজানে অকনি;
“মোৰ আশাতেই তেঁও আহিছিল সদা,
“কোৱা নাই কিন্তু মোক একো প্ৰেমকথা॥

   ( ১৭ )
 “পিন্ধে সাজ সাধাৰণ ( নহয় বিলাসী )
“দৰিদ্ৰ এডুইন্, নাই ঐশ্বৰ্য্যৰ বল;
“নিজৰ বিজ্ঞতা গুণ সম্পত্তি তেঁওৰ,
“ভাবিছিলো তাকে ময়ো প্ৰকৃত সম্বল॥

   ( ১৮ )
 “মোৰ কোষৰত বহি ফুলনী মাজত
“গাইছিলে গীত যৱে সুললিত সুৰে,