পৃষ্ঠা:ডেচ্‌দিমোনা কাব্য.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৃথিবী পতন হোৱা নাই কিয়? আৰু পৃথিবীত পূণ্য কেলৈ? —ধৰ্ম্মৰ কি আবশ্যক? ওথেলোৰ মূৰ ঘূৰিবলৈ ধৰিলে! ওথেলো উন্মাদ হ’ল!! ওথেলোৰ হৃদয়ত ঈৰ্ষাৰ জুই দপ্‌দপ্ কৰি জ্বলিবলৈ ধৰিলে!!!

 এই ঈৰ্ষাৰ জুয়ে ওথেলোৰ সোণৰ সংসাৰ পুৰি ভস্মীভূত কৰিলে৷ ওথেলো ঈৰ্ষাত জৰ্জড়িত হই, নিদাৰুণ যন্ত্ৰণাত অস্থিৰ হ’ল! আৰু উন্মাদৰ দৰে ফুৰিৱলৈ ধৰিলে! স্বামীৰ এনেকুৱা অকস্মাৎ পৰিবৰ্ত্তন দেখি, ডেচ্‌দিমোনাই একো বুজিব নোৱাৰি, কাৰণ শোধাত, ওথেলোৱে গোটেই ঘটনাটো ডেচ্‌দিমোনাৰ আগত ভাঙ্গি নক’লে৷ এইটো ওথেলোৰ মহাভ্ৰম৷ এই খিনিতে দাৰুণ হিংসাৰ অভিনয় আৰম্ভ হল! হাতত এখন তৰোৱাল লই, ডেচ্‌দিমোনাৰ শোৱানী কোঠাত সোমাই, নিদ্ৰিতা ডেচ্‌দিমোনাৰ মুখৰ ফালে চাই উন্মাদ ওথেলোৱে ক’বলৈ ধৰিলে:—

It is the cause, it is the cause, My soul! —
Let me not name it to you, you Chaste Stars!
It is tlhe cause:— Yet I’ll not shed her blood;
Nor scar that whiter skin of hers than snow,
And smooth as monumental alabaster, -
Yet she must die, else she’ll betray more men,
Put out the light, and then put out the light!
If I quench thee, thou faming minister,
I can again thy former light restore
Should I repent me:— but once put out thy light,
Thou cunning’st pattern of excelling nature,
I know not where is that promethean lheat
That can thy light relume. When I have pluck’d thy rose
I can not give it vital growth again,
It needs must wither :— I’ll smell it on the tree.”