পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বৰুৱাৰ বুলনী। J বাটত আছে কণা বিধি।” বিবাৰ মই এণ্ট্ৰেঞ্চ পৰীক্ষা দিও সেইবাৰেই যোৰ জ্ঞানদাতা, অৰ্জদাতা, স্বাধীনচেতা, দেৱপ্ৰতিম দেউতাই মোক এৰি থৈ স্বৰ্গলৈ প্ৰমাণ কৰিলে। যাবৰ সময়ত তেখেতে মোক দুআষাৰ মাথোন উপদেশ দি গল :—“বৰবোপা, মোৰ দিন উকলিল— আয়ুস টুটিল, এতিয়া বিদায়! মনত এইটোৱেই মাথোন দুখ ৰৈ গল যে মই তোৰ সুখ-সম্পদ দেখিবলৈ নাপালোঁ। তোৰ নিমিত্তে কোনো ধন-সম্পত্তিও এৰি থৈ যাব নোৱাৰিলোঁ। কিন্তু যিখিনি মাটি-বাৰী এৰি থৈ গলে। চলাই-কৰাই খাব পাৰিলে তাতে তোৰ উন্নতি হব। ইমান দিনে তোক যি উপদেশ দি আহিলোঁ তাৰ সাৰ্থকতা কৰিবি। ‘দৰিত্ৰ নাৰায়ণ'ৰ সেৱাত জীৱন উচগি দেশৰ উন্নতি, সমাজৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰিবি, পৰম কাৰুণিক পৰমেশ্বৰে নিশ্চয় চকু মেলি চাব। 'গোলামখানাত’ ভৰি দিবলৈ, নিজৰ মনৰ স্বাধীনতা লুপ্ত কৰিবলৈ কেতিয়াও মন নেমেলিৰি। মোৰ সময় হৈ আহিছে। অন্তিম কালত হৰিনাম লবলৈ, ইষ্ট দেৱতাক সুস্থ ৰিবলৈ সুযোগ দেহঁক। মিছাতে কান্দি-কাটি হুয়াদুয়া লগাই মোৰ মনৰ শাস্তি দুৰ নকৰিষি।” এই বুলি দেউতাই হৰিনাম জপ কৰি হাঁহিমুখে বিদায় ললে। Cy পৰীক্ষা ‘পাচ কৰি অতাই নো মই কি কৰিব খুজিছে; চাকী নিবিচাৰি ঘৰতে বহি মিছাতে কিয় দিন কটাইছোঁ, ইত্যাদি প্ৰশ্ন কৰি গঞা-ভূঞা আটায়ে মোক আমনি কৰিবলৈ লাগিল; মই কিন্তু, সকলোকে খাতাংকৈ কলোঁ, “স্বাধীনভাৱে খেতি-বাতি কৰি খাই থাকিম, তেও গোলামী কৰিবলৈ নাযাওঁ। চাকৰী চাকৰী বুলি হাবাথুৰি খাই ফুৰিতে! আমাৰ মাৰ্ছৰ এনে শোকলগা অৱস্থা হবলৈ