পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গঙাটোপ। ভেমত ওফদা হেৰ গঙাটোপ, ধপ কৰে ফুটি পাবি তই লোপ। কৃত্ৰিম কথাৰে মনোভাক ঢাকি, দিবি কত দিন আৰু তই ফাঁকি? অহঙ্কাৰ তোৰ চূৰ্ণীকৃত হব, মিছা ভেম তোৰ আৰু লোপ পাব। মানুহক ওই গণিতা নকৰ, নিঃনিক তই যত পাৰ পীড়। ধনৰ বলত বলীয়ান হই অভিমান-জ্ঞান সঙ্গী কৰি লই, পাতিছ মিছাতে মকৰাৰ জা; ফাঁকি দি চলিবি আৰু কত কাল? ধৰা পৰিলেই মৰিবি নিশ্চয়, সকলো প্ৰকাশ হব তেতিয়াই। পাঁচ ৰিপু, যাক আশ্ৰয় কৰিছ আৰু যাৰ তই চৰণ সেৱিছ, ঘূৰি সিহঁতেই খুলি খুলি খাব; পঞ্চভূতে দেহা লয় পাই যাব। নকৰি এভেকে আত্ম-অভিমান, সজ চৰ্চ্চাতেই দিন অবসান কৰ ভই, আৰু সামান্ত ভাৱেৰে সংসাৰ চলাই থাক্ সম্ভোধেৰে।