পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বান্ধকানিৰ পৰিণাম। জহুকালি দুপৰীয়া৷ মূৰ্ধ-দেৱতাই যেন অগ্নিহে বৰষিছে। বদৰ তাপত গছৰ পাত লেৰেলি গৈছে৷ বাটৰুৱা মানুহে 'গোৰে ঘাম যায় বহি’ হৈ গছৰ ছাঁত জিৰণি লৈছে। হালোৱাই হাল বাই দুখে-ভাগৰে ফোঁপাই-জোপাই ঘৰলৈ উলটিছে আৰু মনতে পাঙিছে, অলপ চেলু পালেই কাৰোবাৰ খং কাৰোবাত সাৰি পিঠিত ঔ পাৰিব। জহুকালিৰ দিনকেইট! বিশেষকৈ হৃষ্ট-পুষ্ট-বলিষ্ঠ আৰু গাঁঠলু-পেটাল পুৰুষৰ পক্ষে বৰ অসহনীয়। তেওঁবিলাকে জহৰ প্ৰতাপত কানি-কাছুটি এৰিব লগাত পৰে। বাৰু যাওক, সেইবোৰ বাৰে-বাংকৰা কথা লৈ পাতনি মেলিবৰ সকাম নাই। তথাপি ‘নকলেও নোৱাৰি ফটা মুখ, কলেও লাগে লাঘ- দোষ। থুলন্তৰ পুৰুষ ডেক। বৰুৱাৰ গাতো জহকালিয়ে বাৰুকৈ ‘প্ৰভুহ বিস্তাৰ কৰি “যুদ্ধং দেহি যুদ্ধং দেহি” বুলি 'হুঙ্কাৰ ছাৰি' তেওঁক জোকাই লয়ছি। কিন্তু আমুলা এলাপেচা ভকত নহয়। আপদীয়া জহৰ হাত সাৰিবৰ তেওঁ' সুন্দৰ ব্যৱস্থা কৰি লৈছে, পইচা যোৱালৈ তেওঁ কেটাহিকে কৰ| নাই। দেহাটোকে যদি হুথ দিয়া নহল, পেট মাৰি পইচা সঁচাৰ পৰা কি লাভ হব? ইয়াকে ভাবি তেঁও ‘আৰামী' চকী আৰু পাঙ্খা কিনি লৈছে; পাঙ্খা-টন! মানুহ বন্দবস্ত কৰি লৈছে, আৰু জিৰণিৰ উপযোগী বৰ বৰ দীঘল নলিচা লগোৱ৷ গুৰগুৰী আৰু দেহ! চেঁচা পেলোৱ৷ 'চৰ্পৰ' ব্যৱস্থা কৰিছে। আজি দুপৰীয়৷ তেওঁ মাছে-শাকে দবনিকৈ ৰাই বিশ্ৰামত পৰিল; লগে লগে লগৰীয়। চিস্তায়ো আহি তেওঁক জুমুবি দি ধৰিলে। তেওঁ ভাবিলে :-“উস্ ফটা, মানুহে ধন ধন বুলি কেলেই ইমান হাবাথুৰি থাই ফুৰে? দেখিছোঁ, সংসাৰৰ ধন-জন সকলো মিছ।। ভালেহে জ্ঞানীজনে কৈ গৈছে- -00-