পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
ফাগুনী

গাভৰু কালতে  এজনী আছিলোঁ,
 কুলক নুবুলিলোঁ কুল।
ঠুৰিয়া তামোলে  কোঁচ নধৰিছিল,
 খোপাই নধৰিছিল ফুল॥ ৩৫৬।

তোলৈ চাওঁতে,  জপনা ডেওঁতে
 বিন্ধিলে অঘৈয়া হুলে।
তোৰো মন গলে,  মোৰো মন গলে,
 কি কৰিব কলিতা কুলে॥ ৩৫৭।

তুমি চোৱাঁ আমালৈ,  আমি চাওঁ তোমালৈ,
 চাইনো চাই কৰিবা কি।
বুকুৰে পোৰনি  মাৰি থৈ যোৱাঁহি,
 বুকুৰ সুমথিৰা দি॥ ৩৫৮৷

চাইনো চাই থাকিলে  হাবিয়াহ নপলায়,
 নাখালে নুগুচে ভোক।
কিনো খাই যাবা  বালি-বাটিৰ বেঙেনা,
 দলিয়াই দি যামগৈ তোক॥ ৩৫৯।

কপৌ কুৰুলিয়ায়,  ৰাতিকে নুপুৱায়,
 ফেঁচাই কুৰুলিয়ায় ডালত।
মোৰ ধন কুৰুলিয়ায়  জেৰেঙা পথাৰত,
 শুনি যাওঁ বতাহৰ ঢালত॥ ৩৬০৷